Lamborghini Huracán LP 610-4 t
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

# নীলা খামৰ চিঠি (২)

মৰমৰ
................
মৰম ল'বা দেই । হৃদয়ৰ সপোন
বোৰ সাজিব নোৱাৰা দুখৰ বাবে আজিও মোক দুখী কৰিয়েই আছা নহয় । বালিঘৰ বালিত সজাৰদৰে বাস্তৱত
সজাটো কিমান কষ্টকৰ তুমি বুজিবা
জানো । মৰমবোৰ কবৰ দিলো বুলি
নক'বা কিন্তু । আকুলতাৰে আদৰি
লৈছিলো তোমাক , ইমান সোনকালে ধুমুহা জাক আহিব বুলি জনা
নাছিলো যে । হৃদয়খন আজি
মৰিশালী মোৰ । ক'লা ধোৱাঁই ছামনিত আজি ক্লান্ত আজি মোৰ মন ।
ঘুৰি যোৱা বাটৰ পোহৰখিনি আজি
আবদ্ধ জীৱনৰ বলুকাত ।
শেষত সুখী হোৱা তুমি এই কামনাৰে আজিলৈ আহো ।
তোমাৰ সমীৰণ

© সঞ্জীৱ বৰুৱা , শিৱসাগৰ
বাস্তৱত

Back to posts
Comments:

Post a comment