মৰমৰ অপৰাজিতা,
মৰম ল'বা ৷
আঘোণৰ পথাৰত ধান দাই থকা দাৱনি বোৰ দেখি কিয় জানো হঠাৎ তোমালৈ মনত পৰিল ক'ব নোৱাৰো ৷ ঘৰলৈ আহি দয়াৰটো খুলাত কলমটো চকুত পৰিল, ডায়েৰিখন উলিয়াই বিছনাত শুই শুই এনেই আঁক বাঁক কৰি আছিলো ৷ হঠাৎ তোমাৰ আৰু মোৰ কথাবোৰে মনত উন্মাদ লগাবলৈ ধৰাত চিঠিখনৰ আশ্ৰয় ল'লো ৷
তোমাৰ ভালেই চাগৈ ৷ মোৰ বৰ্তমান ভাল বুলিয়েই ধৰি ল'বা ৷
মা-দেউতাই সিদিনা মোক
তোমাৰ কথা শুধিছিল, তেতিয়া মই তোমাৰ নম্বৰটোত ফোন লগাইছিলো, চুইচ অফ বুলি কৈছিল, নম্বৰটো সলালা চাগৈ ৷ ভাবিছিলো সময়ৰ সোঁতত তোমাৰ কথাবোৰ পাহৰি যাম
বুলি ভাবিছিলো কিন্তু সেইয়া মোৰ বাবে সম্ভৱ ন'হল ৷
কেতিয়াবা নিজকে প্ৰশ্ন কৰো, মই বাৰু তোমাক কিবা দিব পৰা নাছিলো নেকি, কি বিছাৰিছিলা নো মোৰ পৰা, তুমি দেখোন মোৰ মৰমবোৰক লৈ প্ৰথমে সুখি হৈছিলা,
কিন্তু পিছত কিয়নো মৰমৰ পৰিমাণ কমকৈ অনুভৱ কৰিবলৈ ধৰিলা, মই বুজি নাপালো ৷
বুজিছা, তোমাৰ অনুপস্থিতিয়ে মোক নিসংগতাৰ অনুভাৱিক চিন্তা বোৰৰ মাজলৈ ঠেলি
পঠিয়াই ৷ মই নাজানো ৷
সেইদিনা দিয়া কিনকিনিয়া বৰষুণ জাকে তোমাৰ কিবা বতৰা কৈ যোৱা যেন অনুভৱ কৰিছিলো, আজকালি মোৰ গতিময় জীৱনৰ শিকলি ডাল চিঙি যোৱা যেন লগা হ'ল জানা, ডাঠ কুৱঁলীৰ আচ্ছনাদত মাৰ গ'ল মোৰ সেই আশাঁ ।
বেছিকৈ নিলিখো, নপঢ়াকৈ নাথাকিবা ৷৷
ইতি,
তুমাৰ দুর্ভগীয়া প্ৰেমিক
নৱজ্যোতি শইকীয়া (জান),
চতিয়া, শোণিতপুৰ, অসম,
পিন: - ৭৮৪ ১৭৫